असम/गुवाहाटी

খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি।

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি।

পঙ্কজ নাথ, অসম , ২২ ছেপ্টেম্বৰঃ

নতুন প্ৰজন্মৰ মাজত অসমৰ সুৱদী সুৰীয়া গীত-মাত সমূহক জনপ্ৰিয় কৰি তোলাৰ লগতে গাৱেঁ-ভুঞে, চহৰে-নগৰে সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভা সমূহ বিচাৰি উলিওৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে কামৰূপ জিলা প্ৰশাসনেও খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীৰ সভাপতিত্বত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ‘সংস্কৃতিক মহাসংগ্ৰাম’ৰ প্ৰতিযোগিতাখন ছটা পৃথক শ্ৰেণীত অনুষ্ঠিত কৰা হব। শ্ৰেণীসমূহ হৈছে- জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, জনজাতীয় আৰু বিহু নৃত্য। প্ৰতিটোৱে কামৰূপৰ সংস্কৃতিৰ এক জীৱন্ত দিশ প্ৰতিনিধিত্ব কৰিব আৰু অসমৰ শৈল্পিক উত্তৰাধিকাৰৰ বহুমুখী মাত্ৰা পূৰণ কৰে বুলি মন্তব্য কৰি এই প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনাইছে। এই ‘সংস্কৃতিক মহাসংগ্ৰাম’ ১০ অক্টোবৰত আৰম্ভ হ’ব আৰু ৭ ফেব্ৰুৱাৰীৰ ভিতৰত সমাপ্ত হ’ব। কামৰূপ জিলাত গাওঁ পঞ্চায়ত/ৱাৰ্ড পৰ্যায়ত প্ৰতিযোগিতা : ১০ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত কৰা হব।
বিধানসভা সমষ্টি পৰ্যায়ত প্ৰতিযোগিতা ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ, ২০২৩লৈ, জিলা পৰ্যায়ৰ প্ৰতিযোগিতা ২জানুৱাৰীৰ পৰা ২০ জানুৱাৰী, ২০২৪লৈ অনুষ্ঠিত হব। জিলা পৰ্যায়ত পাৰদৰ্শিতা দেখুৱা সাংস্কৃতিক শিল্পী সকলে গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ বাবে সুবিধা লাভ কৰিব। ১২ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সলৈ তিনিটা ভিন ভিন শাখাত এই প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব। আনহাতে একে সময়তে “খেল মহাৰণ” প্ৰতিযোগিতাৰ আয়োজন কৰি গাওঁ পৰ্যায়ত ক্ৰীড়া প্ৰতিভা সমূহ একত্ৰিত কৰা আৰু প্ৰতিভাবান খেলুৱৈ চিনাক্ত কৰাৰ উপৰি সামগ্ৰিকভাবে ৰাজ্যত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। খেল মহাৰণ প্ৰতিযোগিতাখন গাওঁ পঞ্চায়ত / পৌৰসভাৰ ৱাৰ্ড , বিধানসভা সমষ্টি আৰু জিলা পৰ্যায়ত অনুষ্ঠিত হব। এই খেল মহাৰণ ১৯ বছৰৰ তলত পুৰুষ আৰু মহিলা, ১৯ বছৰৰ উৰ্দ্ধৰ পুৰুষ আৰু মহিলা সকলৰ মাজত চাৰিটা শাখাত ফুটবল, ভলী বল, এথলেটিক্স, খো-খো আৰু কাবাদী খেল অনুষ্ঠিত কৰা হব। খেল আৰু নৃত্য -গীতৰ প্ৰতিযোগিতাৰ বাবে অনলাইন যোগে নাম পঞ্জীয়ন কৰিব লাগিব। নতুবা গাওঁ পঞ্চায়ত বা পৌৰ নিকায়ৰ কাৰ্যালয়ত অহা ৯ অক্টোবৰৰ ভিতৰত নথিপত্ৰ জমা দিলে অ’ন-লাইন পঞ্জীয়নৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি সভাত জানিবলৈ দিয়া হয়। প্ৰতিযোগিতাৰ বাবে মনোনীত গীত সমূহ http://kamrup.assam.gov.in ৱেব চাইটৰ পৰা ডাউনলোড কৰি লব পাৰিব। এই সন্দৰ্ভত যিকোনো তথ্য বা প্ৰশ্নৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, পৌৰ সভাৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাৰ উপৰি কামৰূপ জিলা প্ৰশাসনৰ ৱেবচাইট আৰু ফেচবুক পেজত ইয়াৰ তথ্য দিয়া হৈছে বুলি জিলা আয়ুক্ত গৰাকীয়ে কয়। লগতে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কামৰূপ জিলাৰ সকলো ৰাইজকে গাঁও অঞ্চলৰ প্ৰতিভাৱান শিল্পী তথা খেলুৱৈ সকলক নিজৰ প্ৰতিভাৰে সাংস্কৃতিক সংগ্ৰামত আৰু খেল মহাৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আৰু ৰাজ্যিক পৰ্যায়ত কামৰূপ জিলাৰ বিজয় পতাকা উৰুৱাই কামৰূপ জিলাৰ সাংস্কৃতিক আৰু খেলৰ প্ৰতিভাৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে, কামৰূপ জিলা প্ৰশাসনে ইতিমধ্যে অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আগন্তুক ‘সাংস্কৃতিক মহাসংগ্ৰাম’ৰ আৰু খেল মহাৰণ’ ৰ আয়োজনক লৈ কেবাখনো সভা অনুষ্ঠিত কৰিছে। আজিৰ সভাত ছয়গাওঁ বিধান সভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, জিলাখনৰ আন বিধায়ক সকলৰ প্ৰতিনিধি, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ সাংস্কৃতিক আৰু খেলৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Pankaj Nath

100% LikesVS
0% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button