असम/गुवाहाटी

বিজেপিৰ যুৱনেতা ভবেন্দ্ৰ দাসৰ মহানুভৱতা। মহানুভৱতাৰ শলাগ ললে সাধাৰণ জনতাই।

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

বিজেপিৰ যুৱনেতা ভবেন্দ্ৰ দাসৰ মহানুভৱতা। মহানুভৱতাৰ শলাগ ললে সাধাৰণ জনতাই।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১১ জুলাই :

বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ অসম ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ দাসৰ মহানুভৱতাৰ শলাগ ললে ৰাজ্যৰ বিভিন্ন জনগণে। তেওঁৰ ৰাজনৈতিক কাম কাজত নিষ্ঠা সততা থকাৰ দৰে এগৰাকী সাধাৰণ নাগৰিক হিচাপেও আছে যথেষ্ট উদাৰতা আৰু সততা। যোৱা ৯ জুলাইৰ এক ঘটনাই দি গল তাৰেই এক উদাহৰণ। ঘটনা অনুসৰি ৯ জুলাই বুধবাৰে যুৱনেতা ভবেন্দ্ৰ দাসে লাচিত এক্সপ্ৰেছ’ত ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে অহাৰ সময়ছোৱাত এজন অচিনাকি ব্যক্তিৰ দ্বাৰা হেৰুৱা কিছু টকা, দস্তাৱেজ অৰ্থাৎ লাগতীয়াল নথিপত্ৰসমূহৰ এটি বেগ পাইছিল । যেতিয়া সেই অচিনাকি ব্যক্তি গৰাকীৰ নথিপত্ৰসমূহ চাই তেখেতৰ নাম জানিব পাৰে লগে লগে তেখেতে সামাজিক মাধ্যমত সেই সংক্ৰান্তত এটি পোষ্ট শ্বেয়াৰ কৰে । সামাজিক মাধ্যমত পোষ্ট পাই ব্যক্তিগৰাকীয়ে আজি যুৱনেতা ভবেন্দ্ৰ দাসৰ সৈতে যোগাযোগ কৰাত তেখেতক অটল বিহাৰী বাজপেয়ী ভৱনত আহিবলৈ কয়। ব্যক্তিগৰাকীয়ে যুৱনেতা গৰাকীয়ে দিয়া স্থানলৈ আহি তেখেতক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে । ইয়াৰ পিছত যাত্ৰাকালত পোৱা ব্যক্তিগৰাকীৰ বস্তুখিনি উভতাই দিয়ে যুৱনেতা গৰাকীয়ে আৰু ইয়াৰ বাবে যুৱনেতা ভবেন্দ্ৰ দাসক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যথেষ্ট শলাগ লয় ব্যক্তিগৰাকীয়ে । যুৱনেতা গৰাকীয়ে পোৱা বস্তুখিনি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত এগৰাকী ব্যক্তিৰ আছিল বুলি জানিব পৰা গৈছে । আজি বস্তুবোৰ উভতাই দিয়াৰ খবৰ সামাজিক মাধ্যমত গম পোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতায়ো যুৱনেতা ভবেন্দ্ৰ দাসৰ মহানুভৱতাৰ শলাগ লয় আৰু এনেকুৱা সমাজ হিতৈষী তথা সৎ নেতাই আগন্তুক সময়ত ৰাজনৈতিক পথাৰখন শুৱনি কৰিলে সাধাৰণ জনতাৰ উন্নয়ন হব বুলি আশা প্ৰকাশ কৰে।

Pankaj Nath

100% LikesVS
0% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button