আইৰা ইন্টাৰ্নেচনেল ৰিপৰ্টাছ এছোচিয়েচনৰ অসমত পূৰ্ণাংগ সমিতি গঠন

আইৰা ইন্টাৰ্নেচনেল ৰিপৰ্টাছ এছোচিয়েচনৰ অসমত পূৰ্ণাংগ সমিতি গঠন
দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত একত্ৰিত শতাধিক সাংবাদিক
আজি গুৱাহাটীৰ দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাতৰিকাকত, নিউজ চেনেল আৰু ৱেব পৰ্টেলত কৰ্মৰত শতাধিক সংবাদিকৰ উপস্থিতিত এখন বিশেষ আলোচনা চক্ৰ আৰু বৈঠক অনুষ্ঠিত হয়৷
আতিফুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ পৰা প্ৰকাশিত বাতৰিকাকত, নিউজ চেনেল আৰু ৱেব পৰ্টেলত কৰ্মৰত সাংবাদিকসকলে সন্মুখীন হৈ অহা সমস্যাৰাজিৰ বিশদ আলোচনা কৰে৷ উজনি, নামনি, বৰাক উপত্যকা আৰু বিটিআৰৰ সাংবাদিসকলে সাংবাদিকৰ আৰ্থিক দুৰৱস্থা, নিৰাপত্তাহীনতাৰ কথা উল্লেখ কৰাৰ লগতে একাংশ অসাংবাদিকে সাংবাদিকৰ ভাও ধৰি সাংবাদিক জগতখনক কলংকিত কৰাত আক্ষেপ প্ৰকাশ কৰিছে৷ এই বৈঠকত অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ অসম ৰাজ্যিক সমিতিৰ বিস্তাৰ কৰা হয়৷ আজি বৈঠকত উপস্থিত থকা কেইবাগৰাকী লোকক ৰাজ্যিক সমিতিত গুৰু দায়িত্ব প্ৰদান কৰা হয়৷ সমীৰণ দাসক সাধাৰণ সম্পাদক, আতিফুৰ ৰহমানক কাৰ্যকৰী সভাপতি, বাপ্পা সৰকাৰক উপ-সভাপতি, সঞ্জীৱ কুমাৰ সিঙক উপ-সভাপতি, দিলীপ কুমাৰ নাথক সম্পাদক, নীলকমল শৰণীয়াক যুটীয়া সম্পাদক, সঞ্জয় শৰ্মাক যুটীয়া সম্পাদক, মংকু দাসক সাংগঠনিক সম্পাদক, অৰুণ গুপ্তাক সাংগঠনিক সম্পাদক, খাইৰুল ইছলামক সাংগঠনিক সম্পাদক, মিনহাজুদ্দিন আহমেদক প্ৰচাৰ সম্পাদক, আফ্ৰুজা বেগম, ৰূপজ্যোতি বৰা, হীৰকজ্যোতি কলিতাক কাৰ্যনিৰ্বাহ সদস্যৰ দায়িত্ব প্ৰদান কৰা হয়৷ নতুন সমিতিখনত সভাপতি নিযুক্তি দিয়া নাই অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ ৰাষ্ট্ৰীয় সমিতিয়ে৷ আজিৰ সভাত ভিডিঅ’ কনফাৰেন্স যোগে অংশ লয় অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ ৰাষ্ট্ৰীয় সভাপতি ড০ মহম্মদ তাৰিক জাকি৷ ড০ মহম্মদ তাৰিক জাকিয়ে অসমৰ সাংবাদিকৰ সমস্যাসমূহৰ হকে যুঁজি যোৱাৰ সংকল্প লয়৷ লগতে অসমৰ সাংবাদিকৰ চিকিৎসা ব্যয়, সন্তানৰ পঢ়া-শুনাকে ধৰি বিভিন্ন সা-সুবিধাক লৈ অনাগত দিনত কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে তাৰিক জাকিয়ে৷ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি আতিফুৰ ৰহমান আৰু সাধাৰণ সম্পাদক সমীৰণ দাসে বৰ্তমান ৰাজ্যখনৰ সাংবাদিকসকলৰ হৈ মাত-মাতিবলৈ, অধিকাৰৰ হকে ক’বলৈ সক্ৰিয় লোক নাই৷ যাৰ বাবে অসমৰ সাংবাদিকসকলে এটা ৰাষ্ট্ৰীয় সাংবাদিক সংগঠনৰ প্ৰয়োজন অনুভৱ কৰি আছিল৷ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিকক আমন্ত্ৰণ কৰি আনি অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ ৰাষ্ট্ৰীয় সমিতি পূৰ্ণাংগ ৰূপ দিয়া হয়৷ পৰৱৰ্তী সময়ত জিলাই জিলাই এনে বৈঠক অনুষ্ঠি কৰি অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ জিলা সমিতিসমূহ গঠন কৰা হ’ব৷


















