असम/गुवाहाटी

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগক ভেঙুচালি কৰি কোন ‘ওপৰৰ মাল’ৰ নেতৃত্বত অসমত চলে কয়লাৰ ৰমৰমীয়া ক’লা বেহা ? কয়লাৰ অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সাহস হবনে মুখ্যমন্ত্ৰী শৰ্মাৰ?

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগক ভেঙুচালি কৰি কোন ‘ওপৰৰ মাল’ৰ নেতৃত্বত অসমত চলে কয়লাৰ ৰমৰমীয়া ক’লা বেহা ?

কয়লাৰ অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সাহস হবনে মুখ্যমন্ত্ৰী শৰ্মাৰ?

    মেদিনী মোহন ভট্টাচাৰ্য্য, গুৱাহাটী, ১৯ ছেপ্তেম্বৰ :

অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি বিশ্বস্ত বিশ্বাসভাজন হৈয়ো লোভনীয় আসনখন লব নোৱাৰাৰ ক্ষোভ, বহু কেলেংকাৰীৰ গোচৰত সাঙোৰ খোৱা ভয়তেই হওক বা আন কিবা কাৰণতেই হওক একসময়ত গুজৰাটত পানীৰ পাইপত মুছলমানৰ তেজ বয় বুলি নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰা হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা গেৰুৱা হল ঠিক তেতিয়াৰ পৰাই বিজেপিতো ক্ষমতা কেন্দ্ৰীক যুঁজ এখন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । সৰ্বানন্দ সোনোৱালৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্তত দ্বিতীয় বাৰ গেৰুৱা দলটোৱে নিৰ্বাচনত জয়লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা সৌ সিদিনাৰ কংগ্ৰেছৰ বিসম্বাদী নেতাজনৰ ভূমিকাই সকলোকে এতিয়া হতচকিত কৰি তুলিছে। দুৰ্নীতি , ভ্ৰষ্টাচাৰ, ছিণ্ডিকেট ইত্যাদিক শূন্য সহনশীল নীতিৰে কঠোৰভাৱে দমন কৰা হব বুলি দম্ভালি মাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগৰ নাকৰ তলৰেই আজি সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি অনিয়মৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন মনোৰঞ্জনধৰ্মী প্ৰতিষ্ঠানৰ ভূমিক্ৰয় কেলেংকাৰী, প্ৰধান মন্ত্ৰীৰ কৃষাণ সম্পদা যোজনাৰ অধীনৰ ৰাজ সাহায্যৰ ১০ কোটি টকা উদ্যোগ স্থাপনৰ বাবে সেই একেই প্ৰতিষ্ঠানে লাভ কৰাৰ বাতৰিৰ তোলপাৰ মাৰ নাযাওতেই অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ নিজাবৱীয়া অনুসন্ধানত ওলাই পৰিছে হিমন্ত বিশ্ব চৰকাৰৰ প্ৰথমটো বছৰত অসমত হোৱা কয়লা ছিণ্ডিকেটৰ বিয়াগোম কেলেংকাৰী তথ্য। সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰা অসমলৈ সৰবৰাহ কৰা হয় কয়লা আৰু তাৰ পৰাই আৰম্ভ হয় ক’লা হীৰাক লৈ আন এটা বৃহৎ চক্ৰৰ বিয়াগোম হেৰা-ফেৰি। এই ছিণ্ডিকেটৰ পৰা অহা অবৈধ বৃহৎ ধনৰাশিৰ ভাগ যায় কোনোৱা ওপৰৰ মাললৈও ।কিন্ত সৰ্বাসাধাৰণ ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উদয় হৈছে, এই ওপৰৰ মালটো কোন ? গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ চকুমুদা কুলিৰ ভাওক লৈয়ো ইতিমেধ্যে বহু প্ৰশ্ন অৱতাৰণা হোৱা দেখা গৈছে বিভিন্ন মহলত! সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি, ক’ভিডকালীন পৰিস্থিতিৰ পাছৰে পৰা ২০২২ -২৩ বিত্তীয় বৰ্ষৰ আগষ্ট মাহলৈ চুবুৰীয়া ৰাজ্যৰ উৎপাদিত কয়লাৰ সবিশেষ তথা অসমলৈ অহাৰ বিতং তথ্য বিচাৰি ক’ল ইণ্ডিয়া, অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড চৰকালৈ আৰটিআই কৰি পোৱা তথ্য অনুসৰি  উক্ত সময়ত অসমত ০০, অৰুনাচল প্ৰদেশ ০০, মেঘালয় ১৩, ৮০৬ টন, নাগালেণ্ড ১, ০৭, ৪৪৫ টন কয়লা উৎপাদন হৈছিল। অৰ্থাৎ সৰ্বমুঠ উৎপাদিত কয়লা, ১, ২১, ২৫১ টন। সেই একেখন পত্ৰৰে উত্তৰত পোৱা মতে উৎপাদিত সমূদায় কয়লা অসমলৈ অনা হৈছিল আৰু ৰে’লযোগে দেশৰ অন্য প্ৰান্তলৈ সৰবৰাহ কৰা হৈছিল । এইখিনিতেই এটি বিষয়ত হতচকিত হৈ পৰিছে অসমৰ সচেতন ৰাইজ। সংবাদ প্ৰতিষ্ঠানটোই ভাৰতীয় ৰেল বিভাগৰ উত্তৰ পূৰ্ব সীমান্ত ৰেলুৱৈত দাখিল কৰা এখন তথ্য জনাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ৰে’ল বিভাগে দিয়া তথ্য অনুসৰি উপৰোক্ত বিত্তীয় বৰ্ষৰ আগষ্ট মাহলৈ অসমৰ পৰা ৰে’লযোগে সৰবৰাহ কৰা মুঠ কয়লাৰ পৰিমান, তিনিচুকীয়া মণ্ডলৰ পৰা  ৪৪৯৪ ৱাগন, লামডিং মণ্ডলৰ পৰা ৩৭৭৮ ৱাগন আৰু ৰঙিয়া মণ্ডলৰ পৰা ৩৫০১ ৱাগন। এইখিনিতেই উল্লেখযোগ্য যে প্ৰতি ৱাগনৰ বিপৰীতে সম পৰিমানৰ ওজন হয় প্ৰায় ৬১ টন। তেনেক্ষেত্রত যদি ৰেলৰ তিনিটা মণ্ডলৰ পৰা কয়লাৰ পৰিমাণ টন হিচাপত চোৱা যায় তেন্তে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সৰ্বমুঠ কয়লাৰ পৰিমাণ হ’ব, ৭, ১৮, ১৫৩ টন। তাৎপৰ্যপূৰ্ণ ভাবে চুবুৰীয়া ৰাজ্যৰ পৰা অহা বা উৎপাদিত কয়লাৰ পৰিমাণ আছিল মাত্ৰ ১, ২১, ২৫১ টন। তেনেস্থলত উত্তৰ পূৰ্বত উৎপাদিত কয়লাৰ পৰিমাণ আৰু ৰেলযোগে সৰবৰাহ কৰা কয়লাৰ পৰিমাণৰ মাজত মুঠ পাৰ্থক্য হৈছে প্ৰায় ৬ লাখ টন কয়লা আৰু ইয়াৰ বজাৰ মূল্য হৈছে প্ৰায় ৬০০ কোটি টকা। এই বৃহৎ পাৰ্থক্যৰ বজাৰ মূল্যই অসমৰ সচেতন মহলৰ মাজত ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। কেলেংকাৰী, ছিণ্ডিকেট ইত্যাদি বোধ কৰাৰ বৰ বৰ ভাষণৰ ফুলজাৰি মাৰা হিমন্ত বিশ্বৰ চৰকাৰৰ এবছৰত হোৱা এই বিয়াগোম কেলেংকাৰীৰ ধনে কাৰ কাৰ পকেট গৰম কৰিলে সেইটোহে এতিয়া বহু কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে। খোদ মুখ্যমন্ত্ৰী গৃহ বিভাগৰো দায়িত্বত থকাৰ পিছতো ৬ লাখ টনকৈ কয়লা অবৈধ ভাবে কেনেকৈ ৰাজ্যৰ বাহিৰলৈ ওলাই গ’ল সেইটোৰ স্পষ্টীকৰণ দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই ?  অতি সন্তৰ্পনে ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰা এই বিশাল অংকৰ কয়লাৰ সমস্ত দেনদেনৰ তদন্ত ঘোষণা কৰিবলৈ সাহস হবনে ৰাজ্যৰ মুখ্যমন্ত্ৰী জনৰ ?? দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূন্য সহনশীল হম বুলি সদম্ভে গাই ফুৰা মুখ্যমন্ত্ৰীয়ে নাকি লগাব পাৰিবনে তথাকথিত বহু ওপৰৰ মালবোৰক সেয়াহে হব লক্ষণীয় ।

Pankaj Nath

50% LikesVS
50% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button