असम/गुवाहाटी

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমিক্ৰয় কেলেংকাৰীৰ সন্দৰ্ভত বিৰোধীৰ সজোৰ প্ৰতিবাদৰ মাজতে বিজেপি চৰকাৰৰ দিনৰ আন এক বৃহৎ কেলেংকাৰীৰ তথ্য ফাদিল। গছপুলি ৰোপণৰ নামত বিগত সময়ত বন বিভাগত বিয়াগোম কেলেংকাৰী। 

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমিক্ৰয় কেলেংকাৰীৰ সন্দৰ্ভত বিৰোধীৰ সজোৰ প্ৰতিবাদৰ মাজতে বিজেপি চৰকাৰৰ দিনৰ আন এক বৃহৎ কেলেংকাৰীৰ তথ্য ফাদিল। 

গছপুলি ৰোপণৰ নামত বিগত সময়ত বন বিভাগত বিয়াগোম কেলেংকাৰী। 

      মেদিনী মোহন ভট্টাচাৰ্য্য, গুৱাহাট, ১৯ ছেপ্তেম্বৰ: 

দুৰ্নীতিৰ ক্ষেত্ৰত শৃন্য সহনশীলতা অৱলম্বন কৰাৰ বৰ বৰ ভাষণ দিয়া বিজেপি চৰকাৰৰ দিনতে ৰাজ্যত সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো বৃহৎ কেলংকাৰী। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত বিজেপিৰ বহু নেতা পালি নেতাৰ পকেট গৰম হোৱাৰ বাতৰিয়ে ৰাজ্যত তোলপাৰ লগাই থকাৰ সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন মনোৰঞ্জন প্ৰতিষ্ঠানৰ ভূমিক্ৰয় কেলেংকাৰী, কৃষকৰ বাবে ৰূপায়িত আচনিৰ ধন উক্ত প্ৰতিষ্ঠানৰ নামত আৱন্টিত ইত্যাদিয়ে চৰকাৰখনক চৰম অস্বস্তিত ৰখাই সময়তেই আৰ টি আই কৰ্মী দিলীপ নাথে উদঙাই দিছে ৰাজ্যৰ বন বিভাগত গছপুলি ৰোপণৰ নামত হৈ অহা চৰম স্বজন তোষন, কেলেংকাৰীৰ তথ্য। আৰটিআই কৰ্মীজনে সংবাদ মাধ্যমক জনোৱা মতে, বিগত ২০১৯ চনত তদান্তীনন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দিনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে গছপুলি ৰোপণৰ নামত কোনো এটা বিদেশী প্ৰতিষ্ঠানে ভাৰত চৰকাৰক যোগান ধৰা ধনৰ এটা বৃহৎ অংকৰ ধন আৱন্টন লাভ কৰিছিল অসম চৰকাৰৰ বন বিভাগে। উল্লেখযোগ্য যে সেই সময়ৰ কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ‘কেম্পা’ নামৰ আচনি খনৰ আধীনত দেশৰ অন্য ৰাজ্যৰ লগতে অসম চৰকাৰৰ বন বিভাগলৈয়ো এটা বৃহৎ অংকৰ ধনৰ যোগান ধৰিছিল। আৰটিআই কৰ্মীজনে জনোৱা মতে দেশৰ সেই সময়ৰ বন মন্ত্ৰীজনে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত অৰ্পন কৰিছিল ফ্ৰাঞ্চৰ পৰা লাভ কৰা ধনৰ ৫৬০ কোটি টকাৰ চেক। অৰ্ডাৰ কপিত উল্লেখ থকা মতে উক্ত ধন কেৱল খালী মাটিত গছপুলি ৰোৱা বা সেই পুলিবোৰ লালন পালন কৰাৰ বাবেহে খৰচ কৰা হব কিন্তু অভিযোগ অনুসৰি সেই বৃহৎ অংকৰ টকাৰে অসমৰ বিজেপি চৰকাৰৰ বন বিভাগে প্ৰত্যেকেই বিলাসী গাড়ী ক্ৰয় কৰিছিল আৰু বিভাগীয় কৰ্মচাৰীৰ মাহেলি বেতন পৰিশোধ কৰিছিল। ইয়াৰ লগতে বিভিন্ন বিভাগীয় কামত খৰচ কৰিছিল সেই ধন। আৰটিআই কৰ্মী নাথে লগতে জনাই যে কেম্পা আচনিৰ বৃহৎ কেলেংকাৰীৰ মাজতেই চন্দ্ৰমোহন পাটোৱাৰীৰ বন মন্ত্ৰী হৈ থকাৰ সময়ত আই এফ এচ কে এচ পি ভি পৱন কুমাৰ নামৰ এজন বিষয়াৰ নৃত্বতত অসমত আকৌ সংঘটিত হৈছে গছ পুলি ৰোপণৰ নামত বিয়োগোম কেলেংকাৰী। বহিৰাগত এই বিষয়াজনৰ তত্ত্বাৱধানত থকা APFBC (Assam project on forest and Biodiversity Conservation)নামৰ আঁচনি খনৰ অধীনত প্ৰতিখন জিলাৰ বাৱদ আৱন্টিত প্ৰায় ৩৭-৩৮ কোটিকৈ টকাৰ কোনো চিন মোকামেই নাই। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দিনত  APFBC আঁচনিৰ অধীনত গছ পুলি ৰোপণ ঠিকা লাভ কৰিছিল বিতৰ্কিত বিষয়া পৱন কুমাৰৰ আশিসধন্য বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠান কিছুমানে। বন বিভাগটোক ধন ঘটাৰ আহিলা হিচাপে লোৱা কিছুমান বিষয়া মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে নাকি লগাব পাৰিব নে নাই সেইটো এটা কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে। বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ ধনেৰে গছ পুলি ৰোপণৰ কাৰ্যসূচী লোৱা অসম চৰকাৰ বাৰে বাৰে ব্যৰ্থ হৈ অহাৰ পিছতো পুনৰাই ৪৭ কোটি টকাৰে বিগত ১৫ ছেপ্তেম্বৰত লক্ষ্যাধিক গছ পুলি ৰোৱাৰ যুক্তিযুক্ততাক লৈয়ো এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ উদয় হোৱা দেখা গৈছে। প্রসংগক্রমে আৰ টি আই কৰ্মী দিলিপ নাথে অসমৰ সংবাদ কৰ্মীসকলৰ আহ্বান জনাই যে আগন্তক বৰ্ষৰ ১৫ ছেপ্তেম্বৰ দিনটোত বৰ্তমান ৰোপণ কৰা গছপুলিবোৰ এবাৰ যাতে পৰিদৰ্শন কৰি আহে। কাৰণ সেই সময়লৈ এটাও গছপুলি জীৱিত নাথাকিব। আৰ টি আই কৰ্মীজনে আৰু লগতে কয় যে, এই সময়টো গছপুলি ৰোপণৰ বাবে উপযুক্ত সময়েই নহয়। তেনেক্ষেত্রত প্ৰায় অৰ্ধ শ কোটি টকা খৰচ কৰি কাৰ্যসুচী ৰূপায়ণ কৰাৰ যুক্তিগত কাৰণ কি? দিলিপ নাথে লগতে খেদ প্ৰকাশ কৰি কয় যে, বিজেপি চৰকাৰখনে কোনো বিয়োগাত্মক ফলাফলৰ পৰা শিক্ষা নলয়। নহলেনো, বিগত সময়ত গছপুলি ৰোপণৰ নামত প্ৰায় হেজাৰ কোটি টকা খৰচ কৰাৰ পিছতো আজি আকৌ গছপুলি ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে কিয় ? অসম চৰকাৰৰ বন বিভাগে কিয় গছপুলিৰ যোগান ধৰিব নোৱাৰে চৰকাৰক? অথচ বিগত চৰকাৰসমূহৰৰ দিনত, পুলি ৰোপনৰ নামত চোন বনবিভাগে নিজেই যোগান ধৰিছিল গছপুলিবোৰ ? বিজেপি চৰকাৰৰ দিনত হোৱা বন বিভাগৰ এই কেলেংকাৰীৰ তদন্ত এতিয়া হিমন্ত চৰকাৰে কৰিব পাৰিবনে বুলি সচেতন মহলৰ মাজত নানান প্ৰশ্নৰ উদয় হৈছে।

Pankaj Nath

50% LikesVS
50% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button