असम/गुवाहाटी

আয়ুষ্মান ভাৰত অভিযানত কামৰূপ জিলা শ্ৰেষ্ঠ। ৰাণী স্বাস্থ্য কেন্দ্ৰত পাৰদৰ্শী স্বাস্থ্য কৰ্মী, চিকিৎসা প্ৰতিষ্ঠানৰ মাজত বঁটা প্ৰদান।

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

আয়ুষ্মান ভাৰত অভিযানত কামৰূপ জিলা শ্ৰেষ্ঠ। ৰাণী স্বাস্থ্য কেন্দ্ৰত পাৰদৰ্শী স্বাস্থ্য কৰ্মী, চিকিৎসা প্ৰতিষ্ঠানৰ মাজত বঁটা প্ৰদান।

পঙ্কজ নাথ, অসম , ২৩ ছেপ্টেম্বৰ:

কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয় আৰু জি এন আৰ চি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ আয়ুষ্মান ভাৰত অভিযানত উৎকৃষ্টতম সেৱা আগবঢ়োৱা বাবে আজি প্ৰশংসা পত্ৰৰে পুৰস্কৃত কৰা হয়। কামৰূপ জিলাৰ ৰাণী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজি জিলা ভিত্তিক আয়োজিত আয়ুষ্মান দিৱস অনুষ্ঠানত দুয়োটা চিকিৎসা প্ৰতিষ্ঠানক কামৰূপ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই মানপত্ৰ প্ৰদান কৰে। তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: পৱন কুমাৰ পদ্মপতি আৰু জি এন‌ আৰ চি হস্পিটেলৰ উপ-অধীক্ষক ডা: মনোজ আগৰৱালাই এই সন্মান গ্ৰহণ কৰে। উল্লেখযোগ্য যে এইবেলি ৪ লক্ষাধিক লোকক আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান কৰি কামৰূপ জিলাই ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আয়োজিত এটি অনুষ্ঠানত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে এই বঁটা গ্ৰহণ কৰে। ইফালে ৰাণীত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানটোত এই অভিযানত উল্লেখনীয় সেৱা আগবঢ়োৱা জিলাখনৰ স্বাস্থ্য কৰ্মী, অঙ্গনবাড়ী কৰ্মী আদিকো পুৰস্কৃত কৰা হয়। তাৰ ভিতৰত ডিজিপ্লে সখী চাকিনা আহমেদ আৰু শিখামণি ডেকা, বকোৰ আশা নিৰ্দেশিকা জ্যোৎস্না ঠাকুৰীয়া, শুৱালকুছিৰ স্বাস্থ্য কৰ্মী দ্বীজেন ডেকা, হাজোৰ স্বাস্থ্য কৰ্মী মুস্তাফা আলী আহমেদ, ৰামপুৰৰ অঙ্গনবাড়ী কৰ্মী নিভাৰাণী দাস আৰু শুৱালকুছিৰ অঙ্গনবাড়ী কৰ্মী ৰীণা কলিতা আদি। অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: মহীতোষ বেনাৰ্জী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা স্বাস্থ্য বিষয়া ডা: জ্ঞানশ্ৰী পাঠক, ৰাণী গাওঁ পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ দাস আদিও উপস্থিত থাকে। আয়ুষ্মান ভৱ অভিযান উপলক্ষে কালি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজতো বটা বিতৰণ কৰা হয়। উল্লেখযোগ্য যে চলিত আয়ুষ্মান ভৱ অভিযানৰ সৈতে সঙ্গতি ৰাখি কালি চিকিৎসালয়খনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কেবাজনো বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়।

Pankaj Nath

50% LikesVS
50% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button