কামৰূপ জিলাৰ ১৮,৩৮৩ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া চাইকেল বিতৰণ আৰম্ভ অসমৰ শিক্ষাখণ্ডত নতুন দিগন্তৰ সূচনা : কমলপুৰৰ বিশাল সভাত সাংসদ কুইন ওজা

কামৰূপ জিলাৰ ১৮,৩৮৩ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া চাইকেল বিতৰণ আৰম্ভ অসমৰ শিক্ষাখণ্ডত নতুন দিগন্তৰ সূচনা : কমলপুৰৰ বিশাল সভাত সাংসদ কুইন ওজা
পঙ্কজ নাথ, অসম, ১৩ অক্টোবৰঃ
সমগ্ৰ অসমৰ লগতে আজি কামৰূপ জিলাৰ কমলপুৰ মিনি ষ্টেডিয়ামত ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। এই উপলক্ষে অনুষ্ঠিত সভাত সাংসদ কুইন ওজাই কয় যে ৰাজ্যৰ শিক্ষা খণ্ডৰ উত্তৰণ তথা নতুন দিগন্তৰ সূচনাৰ অৰ্থে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া চাইকেল প্ৰদান কৰাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি কামৰূপ জিলাত সৰ্বমুঠ ১৮, ৩৮২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰিবলৈ পাই অতিকে আনন্দিত হৈছো। এই পদক্ষেপে গ্ৰাম্য অঞ্চল আৰু দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীসকলৰ যাতায়তৰ সুবিধা সুচল কৰি তুলিব বুলি মই দৃঢ় বিশ্বাসী। লগতে সাংসদ গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক সু-শিক্ষা গ্ৰহণেৰে সমাজৰ একো-একোজন সু-দক্ষ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হবলৈ আহ্বান জনায়।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তই তেখেতৰ ভাষণত কয় যে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতবৰ্ষৰ আগশাৰীৰ ৰাজ্যৰ ভিতৰত অসমক শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সপোন তাক বাস্তৱায়িত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু শিক্ষা তাৰ ভিতৰত অন্যতম। সেয়েহে শৈক্ষিক ক্ষেত্ৰখনক আৰু অধিক গতিশীল কৰাৰ বাবে অসম চৰকাৰৰ মুঠ বাজেটৰ ৬% ধন শিক্ষাখণ্ডত ব্যয় কৰা হয় যাতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা লাভ কৰি ৰাজ্যৰ লগতে দেশখনক আগুৱাই নিব পাৰে। ছাত্ৰ-ছাত্ৰী সকল হৈছে দেশৰ ভবিষ্যৎ আৰু দেশ গঢ়োতা। শিক্ষাৰ্থী সকলক সমাজৰ প্ৰতি দায়বদ্ধ হৈ অনাগত সময়ত সেৱাৰ মনোভাবেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ এই অনুষ্ঠানত জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাত উপস্থিত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালক ওম প্ৰকাশেও বক্তব্য প্ৰদান কৰে।
আজিৰ সভাত মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া, কৰ্মচাৰী, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, কামৰূপ জিলাৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে।



















